- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)
- 2. এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases, and Salts)
- 3. ধাতু আৰু অধাতু (Metals and Non-metals)
- 4. কাৰ্বন আৰু তাৰ যৌগ (Carbon and Its Compounds)
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements)
- 6. জীৱন প্ৰক্ৰিয়া (Life Processes)
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How Do Organisms Reproduce?)
- 9. বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution)
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light – Reflection and Refraction)
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (The Human Eye and the Colourful World)
- 12. বিদ্যুত (Electricity)
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া (Magnetic Effects of Electric Current)
- 14. শক্তিৰ উৎসসমূহ (Sources of Energy)
- 15. আমাৰ পৰিবেশ (Our Environment)
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)
SEBA Class 10 Science MCQ Chapter 10 | MCQ Class 10 Science-Light - Reflection and Refraction | পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ |
Class 10 Science MCQ Chapter 10: MCQs On Light - Reflection and Refraction
তলত Class 10 Science ৰ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ প্ৰতিটো Topic ৰ অতি লাগতিয়াল Concept Based MCQ সমূহ আগবঢ়োৱা হৈছে।
Below are the MCQs for Class 10 Science Chapter 10 Light Reflection and Refraction, covering key concepts for effective exam preparation.
পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
1. শূণ্যত পোহৰৰ বেগ কিমান?
a) 3 × 10⁶ m/s
b) 3 × 10⁸ m/s
c) 3 × 10¹⁰ m/s
d) 3 × 10⁴ m/s
উত্তৰ
উত্তৰ: b)
2. পোহৰৰ কণাবোৰক কি বোলে?
a) ইলেক্ট্ৰন
b) প্ৰ’টন
c) ফ’টন
d) নিউট্ৰন
উত্তৰ
উত্তৰ: c)
3. কোনখন দাপোণ অভিসাৰী দাপোণ বুলি জনা যায়?
a) সমতল দাপোণ
b) অৱতল দাপোণ
c) উত্তল দাপোণ
d) ওপৰৰ এটাও নহয়
উত্তৰ
উত্তৰ: b)
4. লেনছৰ ক্ষমতাৰ SI একক কি?
a) ৱাট
b) ডায়’প্টাৰ
c) জুল
d) মিটাৰ
উত্তৰ
উত্তৰ: b)
5. এখন লেনছৰ ফ’কাছ দৈৰ্ঘ্য ২ মিটাৰ। ইয়াৰ ক্ষমতা কিমান?
a) 0.5 D
b) 2 D
c) 1 D
d) -0.5 D
উত্তৰ
উত্তৰ: a)
6. তলৰ কোনোটো সৎ প্ৰতিবিম্বৰ উদাহৰণ?
a) সমতল দাপোণৰ প্ৰতিবিম্ব
b) চিনেমাৰ পৰ্দাৰ প্ৰতিবিম্ব
c) উত্তল দাপোণৰ প্ৰতিবিম্ব
d) পেৰিস্কোপৰ প্ৰতিবিম্ব
উত্তৰ
উত্তৰ: b)
7. ফ’কাছ দৈৰ্ঘ্য (f) আৰু ভাঁজব্যাসাৰ্ধ (R)ৰ সম্পৰ্ক কি?
a) f = R
b) f = R/2
c) f = 2R
d) f = R²
উত্তৰ
উত্তৰ: b)
8. হীৰাৰ প্ৰতিসৰণাংক কিমান?
a) 1.5
b) 2.42
c) 1.33
d) 2.0
উত্তৰ
উত্তৰ: b)
9. আতচি কাঁচত কোন ধৰণৰ লেনছ ব্যৱহাৰ কৰা হয়?
a) অৱতল লেনছ
b) উত্তল লেনছ
c) সমতল লেনছ
d) ওপৰৰ এটাও নহয়
উত্তৰ
উত্তৰ: b)
10. সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি?
a) সৎ আৰু ওলোটা
b) অসৎ আৰু থিয়
c) সৎ আৰু থিয়
d) অসৎ আৰু ওলোটা
উত্তৰ
উত্তৰ: b)
11. উক্তি: আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান।
কাৰণ: এইটো প্ৰতিফলনৰ এটা সূত্ৰ।
a) উক্তি আৰু কাৰণ দুয়োটা সত্য, আৰু কাৰণে উক্তিৰ শুদ্ধ ব্যাখ্যা দিয়ে।
b) উক্তি আৰু কাৰণ দুয়োটা সত্য, কিন্তু কাৰণে উক্তিৰ শুদ্ধ ব্যাখ্যা নিদিয়ে।
c) উক্তি সত্য, কিন্তু কাৰণ মিছা।
d) উক্তি মিছা, কিন্তু কাৰণ সত্য।
উত্তৰ
উত্তৰ: a)
12. উক্তি: উত্তল দাপোণে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে।
কাৰণ: উত্তল দাপোণে পোহৰৰ ৰশ্মি অপসাৰী কৰে।
a) উক্তি আৰু কাৰণ দুয়োটা সত্য, আৰু কাৰণে উক্তিৰ শুদ্ধ ব্যাখ্যা দিয়ে।
b) উক্তি আৰু কাৰণ দুয়োটা সত্য, কিন্তু কাৰণে উক্তিৰ শুদ্ধ ব্যাখ্যা নিদিয়ে।
c) উক্তি সত্য, কিন্তু কাৰণ মিছা।
d) উক্তি মিছা, কিন্তু কাৰণ সত্য।
উত্তৰ
উত্তৰ: a)
13. উক্তি: পোহৰৰ প্ৰতিসৰণ ঘটে, কাৰণ পোহৰ সকলো মাধ্যমত একে বেগত গতি কৰে।
কাৰণ: পোহৰৰ বেঁকা হোৱাটো ইয়াৰ বেগৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে।
a) উক্তি আৰু কাৰণ দুয়োটা সত্য, আৰু কাৰণে উক্তিৰ শুদ্ধ ব্যাখ্যা দিয়ে।
b) উক্তি আৰু কাৰণ দুয়োটা সত্য, কিন্তু কাৰণে উক্তিৰ শুদ্ধ ব্যাখ্যা নিদিয়ে।
c) উক্তি মিছা, কিন্তু কাৰণ সত্য।
d) উক্তি সত্য, কিন্তু কাৰণ মিছা।
উত্তৰ
উত্তৰ: c)
14. আমি কোনো বস্তু কিয় দেখা পাওঁ?
a) বস্তুৱে পোহৰ নিৰ্গত কৰে
b) বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুলৈ সোমায়
c) বস্তুৱে সকলো পোহৰ শোষণ কৰে
d) বস্তুৱে পোহৰ প্ৰতিসৰণ কৰে
উত্তৰ
উত্তৰ: b)
15. পানীত পেঞ্চিল এডাল বেঁকা যেন দেখাৰ কাৰণ কি?
a) প্ৰতিফলনৰ বাবে
b) প্ৰতিসৰণৰ বাবে
c) অপবৰ্তনৰ বাবে
d) শোষণৰ বাবে
উত্তৰ
উত্তৰ: b)
16. “AMBULANCE” শব্দটো জৰুৰীকালীন বাহনত ওলোটাকৈ কিয় লিখা হয়?
a) চালকক বিভ্ৰান্ত কৰিবলৈ
b) পিছফালৰ দাপোণত পঢ়িব পৰাকৈ
c) প্ৰতিফলন বঢ়াবলৈ
d) প্ৰতিফলন কমাবলৈ
উত্তৰ
উত্তৰ: b)
17. পোহৰ যেতিয়া ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যায়, তেতিয়া কি হয়?
a) লম্বৰ কাষ চাপে
b) লম্বৰ পৰা আঁতৰি যায়
c) সিধাকৈ পাৰ হৈ যায়
d) ৰৈ যায়
উত্তৰ
উত্তৰ: b)
18. আমি অক্সিজেন বা হাইড্ৰ’জেন কিয় দেখা নাপাওঁ?
a) ইহঁতে সকলো পোহৰ শোষণ কৰে
b) ইহঁত স্বচ্ছ আৰু পোহৰ বিচ্ছুৰণ নকৰে
c) ইহঁতে সকলো পোহৰ প্ৰতিফলিত কৰে
d) ইহঁতে আধা পোহৰ প্ৰতিফলিত কৰে
উত্তৰ
উত্তৰ: b)
19. অৱতল দাপোণত লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব?
a) অসৎ আৰু থিয়
b) সৎ আৰু ওলোটা
c) অসৎ আৰু ওলোটা
d) সৎ আৰু থিয়
উত্তৰ
উত্তৰ: b)
20. উত্তল দাপোণ গাড়ীৰ পিছফালে চোৱা দাপোণ হিচাপে কিয় ব্যৱহাৰ কৰা হয়?
a) ই সৎ প্ৰতিবিম্ব গঠন কৰে
b) ই বহল দৃষ্টিক্ষেত্ৰ প্ৰদান কৰে
c) ই বস্তু বৃদ্ধি কৰে
d) ই পোহৰ অভিসাৰী কৰে
উত্তৰ
উত্তৰ: b)
21. লেনছৰ ক্ষমতা বৃদ্ধি পালে ফ’কাছ দৈৰ্ঘ্যৰ কি হয়?
a) বাঢ়ে
b) কমে
c) একেই থাকে
d) শূণ্য হয়
উত্তৰ
উত্তৰ: b)
22. উত্তল লেনছৰ ফ’কাছৰ বাহিৰত লক্ষ্য বস্তু থাকিলে সৎ প্ৰতিবিম্ব কিয় গঠন কৰে?
a) পোহৰৰ ৰশ্মি অপসাৰী হয়
b) পোহৰৰ ৰশ্মি আনটো ফালে মিলিত হয়
c) পোহৰৰ ৰশ্মি শোষিত হয়
d) পোহৰৰ ৰশ্মি প্ৰতিফলিত হয়
উত্তৰ
উত্তৰ: b)
23. এটা মাধ্যমৰ প্ৰতিসৰাংক 1.6। শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ m/s হ’লে, এই মাধ্যমত ইয়াৰ দ্ৰুতি কি হ’ব?
a) 1.875 × 10⁸ m/s
b) 2 × 10⁸ m/s
c) 3 × 10⁸ m/s
d) 4 × 10⁸ m/s
উত্তৰ
উত্তৰ: a)
24. সমতল দাপোণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
a) প্ৰতিবিম্ব অসৎ
b) প্ৰতিবিম্ব ওলোটা
c) প্ৰতিবিম্বৰ আকাৰ বস্তুৰ সমান
d) প্ৰতিবিম্বৰ দূৰত্ব বস্তুৰ দূৰত্বৰ সমান
i) a, b
ii) a, c, d
iii) b, c
iv) a, d
উত্তৰ
উত্তৰ: ii) a, c, d
25. চাৰিটা মাধ্যম X, Y, Z, আৰু W ৰ প্ৰতিসৰাংক ক্ৰমে 1.8, 1.3, 1.5, আৰু 1.1। কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বনিম্ন হ’ব?
a) X
b) Y
c) Z
d) W
উত্তৰ
উত্তৰ: a)
26. অৱতল দাপোণ ক’ত ক’ত ব্যৱহাৰ কৰা হয়?
a) টৰ্চ লাইট
b) গাড়ীৰ পিছফালে চোৱা দাপোণ
c) দন্ত চিকিৎসকৰ দাপোণ
d) সৌৰ ভাঁতী
i) a, b
ii) a, c, d
iii) b, c
iv) c, d
উত্তৰ
উত্তৰ: ii) a, c, d
27. সৎ প্ৰতিবিম্বৰ বৈশিষ্ট্য কোনটো?
a) পৰ্দাত ধৰিব পাৰি
b) সদায় থিয়
c) ওলোটা
d) পোহৰৰ ৰশ্মিৰ প্ৰকৃতে মিলিত হয়
i) a, b
ii) a, c, d
iii) b, c
iv) a, d
উত্তৰ
উত্তৰ: ii) a, c, d
28. প্ৰতিসৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
a) পোহৰ বেগৰ পৰিৱৰ্তনৰ বাবে বেকাঁ হয়
b) স্নেলৰ নিয়ম মানি চলে
c) কেৱল শূণ্যত হয়
d) প্ৰতিসৰণাংক এটা মাধ্যমৰ বাবে ধ্ৰুৱক
i) a, b
ii) a, c, d
iii) a, b, d
iv) b, c
উত্তৰ
উত্তৰ: iii) a, b, d
29. তলৰ কোনখন লেনছে সৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে?
a) উত্তল লেনছ
b) অবতল লেনছ
c) সমতল লেনছ
d) ওপৰৰ এটাও নহয়
i) a
ii) a, b
iii) b, c
iv) a, c
উত্তৰ
উত্তৰ: i) a
30. এজন লোকৰ নিকট বিন্দু 75 cm। 25 cm দূৰত্বত কিতাপ পঢ়িবলৈ কি ক্ষমতাৰ লেন্সৰ প্ৰয়োজন?
a) +2.67 D
b) -2.67 D
c) +1 D
d) -1 D
উত্তৰ
উত্তৰ: a)
কুইজ: পোহৰ - প্রতিফলন আৰু প্রতিসৰণ
1. পোহৰ কণাবোৰক কি নামেৰে অভিহিত কৰা হয়?
2. শূন্যত পোহৰৰ সৰ্বোচ্চ বেগ কিমান?
3. আমি কোনো বস্তু কিয় দেখা পাওঁ?
4. যেতিয়া পোহৰৰ ৰশ্মি কোনো পৃষ্ঠত পৰে তেতিয়া কি ঘটে?
5. বায়ু (অক্সিজেন বা হাইড্ৰ’জেন) কিয় দেখা নাপাওঁ?
6. সমতল দাপোণত প্ৰতিবিম্বৰ আকাৰ কি হয়?
7. “AMBULANCE” শব্দটো ওলোটাকৈ কিয় লিখা হয়?
8. অৱতল দাপোণত লক্ষ্যবস্তু ফ’কাছত থাকিলে প্ৰতিবিম্ব ক’ত গঠন হয়?
9. উত্তল দাপোণত প্ৰতিবিম্বৰ প্ৰকৃতি কি?
10. অৱতল দাপোণ কিয় শক্তিশালী পোহৰ প্ৰদান কৰে?
11. ফ’কাছ দৈৰ্ঘ্য (f) আৰু ভাঁজব্যাসাৰ্ধ (R)ৰ সম্পৰ্ক কি?
12. প্ৰতিবিম্ব কি হ’ব যেতিয়া লক্ষ্যবস্তু অৱতল দাপোণৰ ভাঁজকেন্দ্ৰত থাকে?
13. পানীত পেঞ্চিল বেঁকা যেন দেখাৰ কাৰণ কি?
14. উত্তল দাপোণ ক’ত ব্যৱহাৰ কৰা হয়?
15. সৎ প্ৰতিবিম্বৰ কি বৈশিষ্ট্য থাকে?
16. উত্তল লেনছ ক’ত ব্যৱহাৰ কৰা হয়?
17. লেনছৰ ক্ষমতা কিৰণে পরিমাপ কৰা হয়?
18. হীৰাৰ প্ৰতিসৰণাংক কি?
19. স্নেলৰ নিয়ম অনুযায়ী sin i / sin r ৰ মান কি?
20. যৌগিক লেনছৰ ক্ষমতা কেনেকৈ হিচাপ কৰা হয়?
- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- 2. এছিড, ক্ষাৰক আৰু লৱণ
- 3. ধাতু আৰু অধাতু
- 4. কাৰ্বন আৰু তাৰ যৌগ
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
- 6. জীৱন প্ৰক্ৰিয়া
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয়
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- 9. বংশগতি আৰু ক্ৰমবিকাশ
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- 12. বিদ্যুত
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া
- 14. শক্তিৰ উৎসসমূহ
- 15. আমাৰ পৰিবেশ
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা