SEBA Class 10 Science MCQ Chapter 1 | MCQ Class 10 Science-Chemical Reactions and Equations | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ |
Class 10 Science MCQ Chapter 1: MCQs on Chemical Reactions and Equations
তলত Class 10 Science ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠৰ প্ৰতিটো Topic ৰ অতি লাগতিয়াল Concept Based MCQ সমূহ আগবঢ়োৱা হৈছে।
Below are the MCQs for Class 10 Science Chapter 1, covering key concepts for effective exam preparation.
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
1. তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ?
a) বৰফ গলা
b) লোত মামৰে ধৰা
c) পানীৰ বাষ্পীভৱন
d) চেনি দ্ৰৱীভূত হোৱা
উত্তৰ: b) লোত মামৰে ধৰা
2. তলৰ বিক্ৰিয়াটো সন্তুলিত কৰিবলৈ –
a Al₂O₃ + b HCl → c AlCl₃ + d H₂O
a, b, c, d ৰ মানৰ ক্ৰমটো বাছনি কৰা।
a) 1, 6, 2, 3
b) 1, 2, 3, 6
c) 6, 1, 2, 3
d) 3, 2, 1, 6
উত্তৰ: a) 1, 6, 2, 3
3. বনস্পতিজাত দ্ৰৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এটা —
a) তাপবৰ্জী বিক্ৰিয়া
b) অধঃক্ষেপন বিক্ৰিয়া
c) অপসৰণ বিক্ৰিয়া
d) তাপগ্ৰাহী বিক্ৰিয়া
উত্তৰ: a) তাপবৰ্জী বিক্ৰিয়া
4. চিলভাৰ নাইট্ৰেটক কিয় ক’লা বটলত ভৰাই ৰখা হয়?
a) ইয়াক জাৰণৰ পৰা ৰক্ষা কৰিবলৈ
b) পোহৰৰ কাৰণে হোৱা বিযোজন ৰোধ কৰিবলৈ
c) ইয়াৰ তাপমাত্ৰা বজাই ৰাখিবলৈ
d) বাষ্পীভৱন ৰোধ কৰিবলৈ
উত্তৰ: b) পোহৰৰ কাৰণে হোৱা বিয়োজন ৰোধ কৰিবলৈ
5. মামৰৰ ৰাসায়নিক সংকেত কি?
a) FeO
b) Fe₂O₃
c) Fe₂O₃•xH₂O
d) Fe(OH)₃
উত্তৰ: c) Fe₂O₃•xH₂O
6. তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহ’ব?
a) Zn + CuSO₄ → ZnSO₄ + Cu
b) 2KBr + Cl₂ → 2KCl + Br₂
c) Zn + MgSO₄ → ZnSO₄ + Mg
d) Mg + FeSO₄ → MgSO₄ + Fe
উত্তৰ: c) Zn + MgSO₄ → ZnSO₄ + Mg
(কাৰণ: যিংক মেগনেছিয়ামতকৈ কম সক্ৰিয়, গতিকে ই মেগনেছিয়ামক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।)
7. তলৰ কোনটো বিক্ৰিয়া বিযোজন বিক্ৰিয়াৰ উদাহৰণ?
a) 2H₂O → 2H₂ + O₂
b) 2AgCl → 2Ag + Cl₂
c) H₂(g) + Cl₂(g) → 2HCl(g)
d) ZnCO₃ → ZnO + CO₂
উত্তৰ: d) ZnCO₃ → ZnO + CO₂
(কাৰণ: যিংক কাৰ্বনেট উত্তপ্ত কৰিলে যিংক অক্সাইড আৰু কার্বন ডাই’অক্সাইডলৈ বিযোজিত হয়।)
8. তলৰ কোনটো গেছ তেল জাতীয় খাদ্যৰ জাৰণ নঘটিবলৈ পেকেটত ব্যৱহাৰ কৰা হয়?
a) কার্বন ডাইঅক্সাইড বা অক্সিজেন
b) নাইট্ৰ’জেন
c) কার্বন ডাই’অক্সাইড আৰু নাইট্ৰ’জেন
d) ক্ল’ৰিণ
উত্তৰ: b) নাইট্ৰ’জেন
9. এটা পদাৰ্থ ‘X’ বগা ৰং হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক বায়ুৰ অনুপস্থিতিত চূণশিল উত্তপ্ত কৰি প্ৰস্তুত কৰা হয়। পদাৰ্থ ‘X’ চিনাক্ত কৰা।
a) CaOCl₂
b) Ca(OH)₂
c) CaO
d) CaCO₃
উত্তৰ: c) CaO
(কাৰণ: চুণশিল (CaCO₃) গৰম কৰিলে কেলছিয়াম অক্সাইড (CaO) উৎপন্ন হয়, যিটো বগা ৰং হিচাপে ব্যৱহাৰ কৰা হয়।)
10. পানীৰ বিদ্যুৎ বিশ্লেষণ এটা বিযোজন বিক্ৰিয়া। পানীৰ বিদ্যুৎ বিশ্লেষণত মুক্ত হোৱা হাইড্ৰ’জেন আৰু অক্সিজেন গেছৰ ম’ল অনুপাত হ’ল –
a) 1 : 1
b) 2 : 1
c) 4 : 1
d) 1 : 2
উত্তৰ: b) 2 : 1
(কাৰণ: পানী (H₂O) বিযোজিত হৈ 2 ম’ল হাইড্ৰজেন গেছ আৰু 1 ম’ল অক্সিজেন গেছ উৎপন্ন কৰে।)
11. লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ জলীয় দ্ৰৱৰ মাজত হোৱা বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ?
a) বিযোজন বিক্ৰিয়া
b) অপসাৰণ বিক্ৰিয়া
c) দ্বি-অপসাৰণ বিক্ৰিয়া
d) প্রশমন বিক্ৰিয়া
উত্তৰ: c) দ্বি-অপসাৰণ বিক্ৰিয়া
(কাৰণ: দুয়োটা যৌগৰ মাজত আয়নৰ বিনিময় ঘটি লেড আয়ডাইড আৰু পটাছিয়াম নাইট্ৰেট গঠন কৰে।)
12. উক্তি: যিংকে ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি যিংক ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে, আৰু ই অপসাৰণ বিক্ৰিয়া।
কাৰণ: যিংকে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি যিংক অক্সাইড উৎপন্ন কৰে।
a) উক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, আৰু কাৰণ হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা।
b) উক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, কিন্তু কাৰণ, উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।
c) উক্তি শুদ্ধ, কিন্তু কাৰণ অশুদ্ধ।
d) উক্তি অশুদ্ধ, কিন্তু কাৰণ শুদ্ধ।
e) উক্তি আৰু কাৰণ দুয়োটা অশুদ্ধ।
উত্তৰ: b) উক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, কিন্তু কাৰণ, উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।
(কাৰণ: যিংকৰ ছালফিউৰিক এছিডৰ সৈতে হোৱা বিক্ৰিয়াটো অপসাৰণ বিক্ৰিয়া, কিন্তু অক্সিজেনৰ সৈতে হোৱা বিক্ৰিয়াৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।)
13. উক্তি: সালোকসংশ্লেষণ এটা ৰেড’ক্স বিক্ৰিয়া।
কাৰণ: সালোকসংশ্লেষণৰ সময়ত কার্বন ডাই অক্সাইড বিজাৰিত হয় আৰু পানী জাৰিত হয়।
a) উক্তি আৰু কাৰণ দুয়োটা সত্য, আৰু কাৰণটো উক্তিৰ সঠিক ব্যাখ্যা।
b) উক্তি আৰু কাৰণ দুয়োটা সত্য, কিন্তু কাৰণটো উক্তিৰ সঠিক ব্যাখ্যা নহয়।
c) উক্তিটো সত্য, কিন্তু কাৰণটো অসত্য।
d) উক্তিটো অসত্য, কিন্তু কাৰণটো সত্য।
উত্তৰ: a) উক্তি আৰু কাৰণ দুয়োটা সত্য, আৰু কাৰণটো উক্তিৰ সঠিক ব্যাখ্যা।
14. ৰাসায়নিক বিক্ৰিয়াৰ হাৰ তলৰ কোনটো কাৰকৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে?
a) বিক্ৰিয়কৰ গাঢ়তা
b) বিক্ৰিয়জাত পদাৰ্থৰ প্ৰকৃতি
c) পাত্ৰৰ আকাৰ
d) বিক্ৰিয়জাত পদাৰ্থৰ ভৰ
উত্তৰ: a) বিক্ৰিয়কৰ গাঢ়তা
15. পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে ই বিযোজন ঘটি কি উৎপন্ন কৰে?
a) হাইড্ৰ’জেন আৰু অক্সিজেন গেছ
b) হাইড্ৰ’জেন পেৰ’ক্সাইড
c) অক্সিজেন আৰু পানী
d) জলীয় বাষ্প আৰু হাইড্ৰ’জেন
উত্তৰ: a) হাইড্ৰ’জেন আৰু অক্সিজেন গেছ
16. ৰাসায়নিক সমীকৰণ সন্তুলিত কৰাটো কিয় গুৰুত্বপূৰ্ণ?
a) শক্তি সংৰক্ষণ কৰিবলৈ
b) বিক্ৰিয়াৰ সময়ত ভৰ সংৰক্ষণ কৰিবলৈ
c) বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থ চিনাক্ত কৰিবলৈ
d) বিক্ৰিয়াটো স্বতঃস্ফূর্ত হোৱাটো নিশ্চিত কৰিবলৈ
উত্তৰ: b) বিক্ৰিয়াৰ সময়ত ভৰ সংৰক্ষণ কৰিবলৈ
17. কোন গেছে চূণৰ পানীক ঘোলা কৰে?
a) অক্সিজেন
b) কার্বন ডাইঅক্সাইড
c) ছালফাৰ ডাইঅক্সাইড
d) হাইড্ৰ’জেন
উত্তৰ: b) কার্বন ডাইঅক্সাইড
18. 2Zn + O₂ → 2ZnO ৰ বিক্ৰিয়াটোত কোনটো মৌল জাৰিত হৈছে?
a) যিংক
b) অক্সিজেন
c) যিংক আৰু অক্সিজেন দুয়োটাই
d) ওপৰৰ এটাও নহয়
উত্তৰ: a) যিংক
19. চিলভাৰ ব্ৰ’মাইড আৰু চিলভাৰ ক্ল’ৰাইডে সূৰ্যৰ পোহৰৰ উপস্থিতিত ব্ৰ’মিণ আৰু ক্ল’ৰিণ গেছ নিৰ্গত কৰে। এই বিক্ৰিয়াবোৰ –
i) দ্বি-অপসৰণ বিক্ৰিয়া
ii) পোহৰ বিয়োজন বিক্ৰিয়া
iii) ক’লা-বগা ফট’গ্ৰাফিত ব্যৱহাৰ কৰা হয়
iv) তাপবৰ্জী বিক্ৰিয়া
a) i) আৰু ii
b) ii আৰু iii
c) i) আৰু iv
d) iii) আৰু iv
উত্তৰ: b) ii আৰু iii
20. ধাতুৱে এচিডৰ লগত বিক্ৰিয়া সংঘটিত কৰিলে কোনটো গেছ নিৰ্গত হয়?
a) অক্সিজেন
b) হাইড্ৰ’জেন
c) নাইট্ৰ’জেন
d) কাৰ্বন ডাইঅক্সাইড
উত্তৰ: b) হাইড্ৰ’জেন
21. 2H₂ + O₂ → 2H₂O, এইটো কোন প্ৰকাৰ বিক্ৰিয়াৰ উদাহৰণ?
a) বিযোজন বিক্ৰিয়া
b) সংযোজন বিক্ৰিয়া
c) অপসৰণ বিক্ৰিয়া
d) ৰেড’ক্স বিক্ৰিয়া
উত্তৰ: b) সংযোজন বিক্ৰিয়া
22. ক’পাৰ ছালফেটৰ দ্ৰৱণৰ ৰং কি?
a) সেউজীয়া
b) নীলা
c) ৰঙা
d) হালধীয়া
উত্তৰ: b) নীলা
23. তলৰ কোনটো অপসৰণ বিক্ৰিয়া?
a) Zn + CuSO₄ → ZnSO₄ + Cu
b) 2H₂O → 2H₂ + O₂
c) CaO + H₂O → Ca(OH)₂
d) AgNO₃ + NaCl → AgCl + NaNO₃
উত্তৰ: a) Zn + CuSO₄ → ZnSO₄ + Cu
24. Ca(OH)₂ যৌগটোৰ নাম কি?
a) কেলচিয়াম অক্সাইড
b) পোৰা চূণ
c) শিথিলিত চূণ
d) চূণৰ পানী
উত্তৰ: c) শিথিলিত চূণ
25. সালোক সংশ্লেষণ (Photosynthesis) কি ধৰণৰ বিক্ৰিয়া?
a) বিযোজন বিক্ৰিয়া
b) সংযোজন বিক্ৰিয়া
c) তাপগ্ৰাহী (Endothermic) বিক্ৰিয়া
d) তাপবৰ্জী (Exothermic) বিক্ৰিয়া
উত্তৰ: c) তাপগ্ৰাহী
26. নিম্নলিখিত কোনটো তাপবৰ্জী বিক্ৰিয়া নহয়?
a) কয়লাৰ দহন
b) শ্বসন
c) কেলচিয়াম কাৰ্বনেটৰ বিযোজন
d) অম্ল আৰু ক্ষাৰকৰ প্ৰশমন
উত্তৰ: c) কেলছিয়াম কাৰ্বনেটৰ বিযোজন
27. ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰক কি বোলা হয়?
a) বিক্ৰিয়জাত পদাৰ্থ
b) বিক্ৰিয়ক পদাৰ্থ
c) অনুঘটক
d) ওপৰৰ এটাও নহয়
উত্তৰ: b) বিক্ৰিয়ক পদাৰ্থ
28. যেতিয়া ধাতুৰ অক্সাইড এটা পানীত মিহলি কৰা হয়, দ্ৰাৱণটোৰ প্ৰকৃতি কি হয়?
a) আম্লিক
b) ক্ষাৰকীয়
c) প্ৰশমন
d) উভয়ধৰ্মী
উত্তৰ: b) ক্ষাৰকীয়
29. ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা প্ৰক্ৰিয়াটো চিনাক্ত কৰা?
a) আকৃতিৰ পৰিৱৰ্তন
b) ৰঙৰ পৰিৱৰ্তন
c) গলনাংক
d) বৰফ হোৱা
উত্তৰ: b) ৰঙৰ পৰিৱৰ্তন
30. তলৰ কোনটো প্ৰক্ৰিয়াত গেছ নিৰ্গত হয়?
a) কয়লা জ্বলোৱা
b) লোত মামৰে ধৰা
c) পানীত নিমখ দ্ৰৱীভূত কৰা
d) ধাতুৰ লগত এচিডৰ বিক্ৰিয়া
উত্তৰ: d) ধাতুৰ লগত এচিডৰ বিক্ৰিয়া
31. 2H₂ + O₂ → 2H₂O, ওপৰৰ বিক্ৰিয়াটোত থকা বিক্ৰিয়ক পদাৰ্থসমূহ হ’ল:
a) H₂ আৰু O₂
b) H₂O আৰু H₂
c) O₂ আৰু H₂O
d) কেৱল H₂O
উত্তৰ: a) H₂ আৰু O₂
32. এটা জঁকা ৰাসায়নিক সমীকৰণে বুজায়:
a) সন্তুলিত ৰাসায়নিক সমীকৰণ
b) অসন্তুলিত ৰাসায়নিক সমীকৰণ
c) আয়নীয় সমীকৰণ
d) প্ৰশমন
উত্তৰ: b) অসন্তুলিত ৰাসায়নিক সমীকৰণ
33. ৰাসায়নিক সমীকৰণ সন্তুলিত কৰা সময়ত কোনটো নীতি মানি চলা হয়?
a) স্থিৰানুপাত নীতি
b) ভৰৰ সংৰক্ষণ নীতি
c) শক্তিৰ সংৰক্ষণ নীতি
d) এভোগেড্ৰ’ৰ নীতি
উত্তৰ: b) ভৰৰ সংৰক্ষণ নীতি
34. H2 + Cl2 → 2HCl ওপৰৰ সন্তুলিত ৰাসায়নিক বিক্ৰিয়াটোত HCl ৰ সহগ কিমান?
a) 1
b) 2
c) 3
d) 4
উত্তৰ: b) 2
35. তলৰ কোনটো তাপীয় বিযোজন বিক্ৰিয়া?
a) 2H₂ + O₂ → 2H₂O
b) 2KClO₃ → 2KCl + 3O₂
c) NaCl + AgNO₃ → AgCl + NaNO₃
d) Zn + CuSO₄ → ZnSO₄ + Cu
উত্তৰ: b) 2KClO₃ → 2KCl + 3O₂
36. কোনটো অপসৰণ বিক্ৰিয়াৰ উদাহৰণ?
a) Mg + 2HCl → MgCl₂ + H₂
b) NaOH + HCl → NaCl + H₂O
c) H₂ + Cl₂ → 2HCl
d) 2H₂O → 2H₂ + O₂
উত্তৰ: a) Mg + 2HCl → MgCl₂ + H₂
37. দ্বি-অপসৰণ বিক্ৰিয়া এটা কেনেদৰে উপস্থাপন কৰা হয়?
a) AB + C → AC + B
b) AB + CD → AD + CB
c) A + BC → AC + B
d) 2AB → A₂ + B₂
উত্তৰ: b) AB + CD → AD + CB
38. দহন বিক্ৰিয়া সদায়:
a) তাপগ্ৰাহী
b) তাপবৰ্জী
c) প্ৰশমন বিক্ৰিয়া
d) ৰেডক্স বিক্ৰিয়া
উত্তৰ: b) তাপবৰ্জী
39. মামৰে ধৰা ৰোধ কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়?
a) ৰং কৰা
b) উতলন
c) বোকা মাটিৰ লেপন
d) নিমখ সনা
উত্তৰ: a) ৰং কৰা
40. ৰেঞ্চিডিটিৰ কাৰণ হ’ল:
a) চৰ্বি আৰু তেলৰ জাৰণ
b) চৰ্বি আৰু তেলৰ বিজাৰণ
c) পানীৰ সৈতে বিক্ৰিয়া
d) তেলৰ দহন
উত্তৰ: a) চৰ্বি আৰু তেলৰ জাৰণ
41. পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত উৎপন্ন হয়:
a) হাইড্ৰ’জেন আৰু অক্সিজেন গেছ
b) কেৱল অক্সিজেন
c) কেৱল হাইড্ৰ’জেন
d) জলীয় বাষ্প
উত্তৰ: a) হাইড্ৰ’জেন আৰু অক্সিজেন গেছ
42. 2Mg + O₂ → 2MgO, বিক্ৰিয়াটো হ’ল:
a) সংযোজন বিক্ৰিয়া
b) বিযোজন বিক্ৰিয়া
c) ৰেডক্স বিক্ৰিয়া
d) (a) আৰু (c) দুয়োটা
উত্তৰ: d) (a) আৰু (c) দুয়োটা
43. দ্বি-অপসৰণ বিক্ৰিয়াত সাধাৰণতে কি উৎপন্ন হয়?
a) গেছ
b) পানী
c) অধঃক্ষেপ
d) ওপৰৰ আটাইবোৰ
উত্তৰ: d) ওপৰৰ আটাইবোৰ
44. যিংক আৰু ছালফিউৰিক এচিডৰ মাজত ঘটা বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো চিনাক্ত কৰা:
a) Zn + H₂SO₄ → ZnSO₄ + H
b) Zn + H₂SO₄ → ZnS + H₂O
c) 2Zn + H₂SO₄ → Zn₂SO₄ + H₂
d) Zn + H₂SO₄ → ZnSO₄ + H₂
উত্তৰ: d) Zn + H₂SO₄ → ZnSO₄ + H₂
45. তলৰ বিক্ৰিয়াটিৰ বাবে অশুদ্ধ উত্তৰটো বাছনি কৰা:
2 PbO (s) + C → 2Pb (s) + CO₂ (g)
a) লেড বিজাৰিত হৈছে
b) CO₂ জাৰিত হৈছে
c) PbO বিজাৰিত হৈছে
d) C জাৰিত হৈছে
উত্তৰ: b) CO₂ জাৰিত হৈছে
46. কি হয় যেতিয়া হাইড্ৰ’ক্ল’ৰিক এচিড, লোৰ গুড়িত মিহলি কৰা হয়?
a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়
b) বিক্ৰিয়া সংঘটিত নহয়
c) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়
d) ক্ল’ৰিণ গেছ আৰু আইৰণ অক্সাইড উৎপন্ন হয়
উত্তৰ: a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়
47. তলৰ কোনটো বিক্ৰিয়া সন্তুলিত নহয়?
a) Fe + 3Cl₂ → FeCl₃
b) Mg + CuSO₄ → MgSO₄ + Cu
c) Zn + S → ZnS
d) NaOH + HCl → NaCl + H₂O
উত্তৰ: a) Fe + 3Cl₂ → FeCl₃
48. Assertion (A): কেলচিয়াম কাৰ্বনেটক যেতিয়া তাপ দিয়া হয় তেতিয়া কেলচিয়াম অক্সাইড আৰু পানী উৎপন্ন হয়।
Reason (R): যেতিয়া CaCO₃ উত্তপ্ত কৰা তেতিয়া বিযোজন বিক্ৰিয়া সংঘটিত হয়।
a) উক্তি আৰু কাৰণ উভয়ে শুদ্ধ আৰু কাৰণ, উক্তিৰ এটা প্ৰকৃত ব্যাখ্যা।
b) উক্তি আৰু কাৰণ উভয়ে শুদ্ধ কিন্তু কাৰণ, উক্তিৰ এটা প্ৰকৃত ব্যাখ্যা নহয়।
c) উক্তি সত্য কিন্তু কাৰণ অসত্য।
d) উক্তি অসত্য কিন্তু কাৰণ সত্য।
উত্তৰ: d) উক্তি অসত্য কিন্তু কাৰণ সত্য।
🔬 ৰসায়ন কুইজ
Watch Video Solutions
Watch Video Solutions
“Still confused? Watch our step-by-step video solutions to understand the concepts better.”